বিলাসীপাৰা পৌৰ সভাৰ প্ৰাক্তন ওৰ্ৱাড কমিচনাৰ চন্দন দাসৰ বিৰুদ্ধে একাংশৰ ষৰযন্ত্র মুলক অপপ্ৰচাৰ।
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিৰ্পট:
বিলাসীপাৰা ১০ মেঃ সমগ্ৰ ভাৰত বৰ্ষ লক ডাউনৰ ফলত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ আৰু মধ্যবিত্ত প্ৰতি জনকৈ ব্যক্তিক পাঁচ কিলোগ্ৰামকৈ চাউল আৰু এহেজাৰ টকাকৈ চৰকাৰে আৱন্টণ দিয়ে,যদিও ধুবুৰী জিলাৰ বিলাসীপাৰা পৌৰ সভাৰ অন্তৰ্গত ১৪ নং ওৰ্ৱাড কমিচনাৰ চন্দন দাসৰ কাৰ্য্যকালৰ ম্যাদ উকলি যোৱা ফলত উক্ত ওৱাৰ্ড খনৰ একাংশ সচেতন ব্যক্তিয়ে ৰেচন কাৰ্ড নথকা ব্যক্তিৰ হিতাধিকাৰ তালিকা প্ৰস্তুত কৰি আহিছে। উল্লেখ্য যে প্ৰাক্তন ওৱাৰ্ড কমিচনাৰ চন্দন দাস হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা বুলি দাসৰ বিৰুদ্ধে একাংশই ষৰযন্ত্র মুলক ভাৱে মনেসজা ভিৰ্ত্তিহীন বাতৰি প্ৰকাশ কৰি মানৱ সমাজত হেয় প্ৰতিপন্ন কৰাৰ বাবে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।।
0 Comments