ধুবুৰী জিলাৰ ঘোঁৰামাৰাত অঘটনঃ গৰুৰ চোৰাং বেপাৰী আৰু বি এছ এফ ৰ মাজত সংঘৰ্ষঃ এজন চোৰাং বেপাৰী নিহত আৰু এজন বি এছ এফৰ জোৱান আহতঃ

হাটশিঙীমাৰী, ১২ জানুৱাৰীঃহাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট
-ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঘোঁৰামাৰা গাওঁত বি এছ এফ আৰু চোৰাং গৰু সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষ হয়৷ বি এছ এফ এ চাৰিটা কৈ গৰু জব্দ কৰাৰ পাছতেই এটা চোৰাং গৰুৰ দলে চোকা অস্ত্ৰৰে বি এছ এফৰ জোৱানক আক্ৰমণ কৰাত বি এছ এফৰ গুলিত এগৰাকী চোৰাং গৰু সৰবৰাহকাৰী নিহত হোৱা বুলি জানিব পৰা গৈছে। ইপিনে চোৰাং গৰু সৰবৰাহকাৰীৰ আক্ৰমণত এগৰাকী বি এছ এফ জোৱান আহত।নিহত চোৰাং গৰু সৰবৰাহকাৰী জন ঘোঁৰামাৰা (ফুলকাকাটা) গাওঁৰ ছকেৰ আলীৰ পুত্ৰ সমেশ আলী বুলি চিনাক্ত কৰা হৈছে। আজি পুৱতি নিশা এদল চোৰাং বেপাৰীয়ে বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ যাওঁতে সংঘটিত হয় এই দূৰ্ঘটনা। দক্ষিণ শালমাৰৰ মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াৰ নেতৃত্বত দল এটাই ঘটনাস্থলীত উপস্থিত হৈ মৃত্যুদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷
0 Comments